আকাশবাণী গুৱাহাটী কেন্দ্রই শনিবাৰে নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মই ৰেডিঅ‘ কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ’ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্রত্যাশা সম্পর্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্ন জনৰ মতামত আগবঢ়াব।
Assamese | February 13, 2025 6:57 PM | dristipat air guwahati
আকাশবাণী গুৱাহাটী কেন্দ্রৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মই ৰেডিঅ’ কিয় শুনো’ শীর্ষক বিশেষ অনুষ্ঠান