আকাশবাণী বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ত অহা শনিবাৰে ‘অসমত শান্তিচুক্তিৰ এটা দশক’ শীৰ্ষক আলোচনা

আকাশবাণী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত অসমত শান্তিচুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানত ভাগ ল’ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, প্রাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই । অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।