December 23, 2024 8:14 PM | dr mridupawan nath bail

printer

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত ডাঃ মৃদু পৱন নাথৰ অগ্রিম জামিন নাকচ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিফু চিকিৎ‍সা মহাবিদ্যালয়ৰ এনাছথেছিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃদু পৱন নাথৰ অগ্রিম জামিন নাকচ কৰিছে। ন্যায়ালয়ে ডাঃ নাথক পূৰ্বে প্ৰদান কৰা অন্তৰ্ৱৰ্তীকালীন জামিনো বাতিল কৰে। উল্লেখযোগ্য যে, চৰকাৰী চাকৰিৰ লগতে গুৱাহাটীত ব্যক্তিগত চিকিৎসালয় চলাই ডাঃ নাথে আয়তকৈ অধিক সা-সম্পত্তি অৰ্জন কৰা তথ্য মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে লাভ কৰিছিল। এনে তথ্যৰ আধাৰত অনুন্ধান চলাই উপযুক্ত তথ্য লাভ কৰাৰ পাছত তদাৰকী কোষে ডাঃ নাথৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। এই গোচলতে ন্যায়ালয়ে অভিযুক্ত চিকিৎসকগৰাকীৰ জামিন নাকচ কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযুক্ত চিকিৎসকগৰাকীৰ বিৰুদ্ধে ভুৱা মৰণোত্তৰ প্ৰতিবেদন প্রদান কৰাৰো তথ্য লাভ কৰিছে ।