প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰসিদ্ধ বিজ্ঞানী ডº এ পি জে আব্দুল কালামৰ আজি ৯৩ সংখ্যক জন্ম বার্ষিকী। ডº এ পি জে আব্দুল কালামৰ শিক্ষাৰ প্ৰতি নিষ্ঠাৰ সন্মানার্থে আজিৰ দিনটো বিশ্ব শিক্ষার্থী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল বিষয়বস্তু হৈছে- পৰিৱৰ্তনৰ অভিকৰ্তাৰূপে শিক্ষাৰ্থীসকলৰ সৱলীকৰণ। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ চিন্তা আৰু পৰিকল্পনাই দেশৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডº এ পি জে আব্দুল কালামক স্মৰণ কৰি কৈছে যে, ভৱিষ্যদর্শী নেতাগৰাকীয়ে লাখ লাখ লোকক বিকশিত আৰু শক্তিশালী ভাৰতৰ হকে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছে। যুৱ প্ৰজন্মই ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ তেওঁৰ অভিযান আগুৱাই লৈ যোৱা উচিত বুলি তেওঁ মন্তব্য কৰিছে।
Assamese | October 15, 2024 6:22 PM | A.P.J. Abdul Kalam
ডº এ পি জে আব্দুল কালামৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন