আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্রীড়া সংস্থাৰ উপ-সভাপতি, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্রী নাথ কটকীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্রহী ব্যক্তিসকলে ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব।
Assamese | June 20, 2025 8:51 PM | distripat
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান