অসম প্ৰকাশন পৰিষদৰ উদ্যোগত পৰহিলৈ গুৱাহাটীৰ বামুণীমৈদামত থকা পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত গ্রন্থ আলচ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰিষদ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰা মতে ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ অসমৰ ৰাজনৈতিক পৰিক্ৰমা সামৰি লেখক ইতিহাসবিদ ডº ৰাজেন শইকীয়াই সম্পাদনা কৰা আৰু অসম প্ৰকাশন পৰিষদে প্রকাশ কৰি উলিওৱা পলিটিকেল হিষ্ট্ৰী অৱ আছাম শীৰ্ষক গ্ৰন্থখনৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচার্য ডº ননীগোপাল মহন্ত আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডº প্ৰাণজিৎ বৰা আলোচক হিচাপে উপস্থিত থাকিব।
Assamese | August 8, 2024 7:28 PM | Disscussion
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কাৰ্যালয়ৰ সভাগৃহত গ্রন্থ আলচ শীৰ্ষক অনুষ্ঠানৰ আয়োজন