গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনামৰ্মে ডিমা হাছাও জিলা প্ৰশাসনে প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান আজিৰ পৰা পৰহিলৈ বন্ধ থাকিব। আনহাতে প্রশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়ো ধুমুহা, বজ্ৰপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। জিলাখনত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’লে তাৎক্ষণিকভাৱে জিলা দুর্যোগ প্রশমন বিভাগক জনাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে প্ৰশাসনে হেল্পলাইন নম্বৰো মুকলি কৰিছে। বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত জিলাখনত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। আনহাতে লামডিং সংমণ্ডলৰ জাতিংগা লামপুৰ আৰু হাৰাং হাজাও ৰে’লপথৰ মেৰামতিৰ বাবে কেইবাখনো ৰে’ল বাতিল কৰাৰ লগতে ৪খন ৰে’লৰ চলাচল আংশিকভাৱে বন্ধ কৰা হৈছে।
Assamese | May 2, 2024 8:52 PM | DIMA HASAO FLOOD
ডিমা হাছাও জিলাত প্রতিকূল বতৰৰ বাবে সতর্কতামূলক নিৰ্দেশনা জাৰি, সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা