আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদার্থ বিজ্ঞানী ড° দিলীপ চৌধুৰীৰ কালি গুৱাহাটীৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। কালি বিয়লি ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। অধ্যাপক চৌধুৰীৰ মৃত্যুত ৰাজ্যৰ শৈক্ষিক সমাজত শোকৰ ছাঁ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যাপক চৌধুৰী, উচ্চ শক্তিসম্পন্ন পদার্থ বিজ্ঞানৰ গৱেষণামূলক কামৰ বাবে সুপৰিচিত আছিল। নলবাৰী জিলাৰ পকোৱাত জন্মগ্ৰহণ কৰা ড° চৌধুৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি ডিগ্ৰী লাভ কৰাৰ পাছত পি এইছ ডি ডিগ্ৰী সম্পূৰ্ণ কৰে। ১৯৭১ চনত গৱেষণা ফেলোশ্বিপ লাভ কৰি তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। বিভিন্ন বঁটা বাহনৰ লগতে ফ্রান্স বিশ্ববিদ্যালয়ৰ ভ্ৰমণকাৰী বিজ্ঞানী অক্সফোর্ড বিশ্ববিদ্যালয়ৰ দৰ্শনাৰ্থী, গাণিতিক বিজ্ঞানৰ অধ্যাপক ভি ডি থাৱানি ফেলোশ্বিপকে ধৰি অন্যান্য প্ৰশংসা লাভ কৰিছিল । ৰাজ্য চৰকাৰে বিজ্ঞান গৱেষণাৰ বাবে তেওঁক চলিত বৰ্ষৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিছিল। তেওঁ অসমীয়া ভাষাত কেইবাখনো বিজ্ঞানৰ গ্ৰন্থ ৰচনা কৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।
Assamese | November 10, 2025 1:37 PM | dilip choudhuri
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদার্থ বিজ্ঞানী ড° দিলীপ চৌধুৰীৰ দেহাৱসান