ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ চাহ বাগিচা অঞ্চলত অৱস্থিত ২৩০ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রধানমন্ত্রী চাহ শ্রমিক প্রোৎসাহন যোজনাৰ অধীনত পুঁজিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। সভাত ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, শ্রম বিভাগৰ বিষয়ববীয়াৰ উপৰি চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
Assamese | May 28, 2025 11:58 AM | dibrugarh education meeting
ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ সভা