July 25, 2026 12:31 PM | dibrugarh drugs

printer

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী দুজনক আটক

ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী দুজন লোকক আটক কৰে।

আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা এক কিলোগ্ৰামতকৈও অধিক ভাং, এখন বাহন আৰু কাহৰ বাচন-বৰ্তন জব্দ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা আন এটা অবিযানত কালি পুৰণি ৰে’লৱে ষ্টেচন কলনিত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগত কেইবা লাখ টকাও জব্দ কৰে।