March 12, 2025 1:19 PM | dibrugarh arrest 6

printer

ডিব্ৰুগড়ৰ ৰমাইঘাটত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত ছজন লোকক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমাইঘাটত কালি ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ ভিতৰত বিনোদ চাংঘা নামৰ এজন তান্ত্ৰিকো আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বিনোদ চাংঘাৰ নেতৃত্বতে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে যোৱা সোমবাৰে ১ নম্বৰ ৰাজগড় শিঙিমাৰীৰ একাংশ লোকে এগৰাকী মহিলাক ডাইনীৰ সন্দেহত নির্যাতন চলাই নৈত উটুৱাই দিছিল। বৰ্তমান মহিলাগৰাকী অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।