কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰ বিষয়ক তিনিটা কৃত্রিম বুদ্ধিমত্তা উৎকর্ষ সাধন কেন্দ্ৰৰ ঘোষণা কৰে। শ্ৰীপ্ৰধানে কয় যে, এই কেন্দ্ৰসমূহে গৱেষণা, উদ্ভাৱন আৰু অৰ্থনীতিৰ প্ৰসাৰৰ লগতে জনসাধাৰণৰ কল্যাণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছ, ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান ৰোপড় আৰু ভাৰতীয় প্রযুক্তি বিদ্যা প্রতিষ্ঠান কানপুৰত এই কেন্দ্ৰকেইটা স্থাপন কৰা হ’ব। এই উপলক্ষে শ্রী প্রধানে কয় যে, এই ঐতিহাসিক সিদ্ধান্তই কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰত দেশৰ স্থিতি শক্তিশালী কৰি তুলিব। তেওঁ কয় যে, ১০ বছৰ পাছত এই কৃত্রিম বুদ্ধিমত্তা উৎকর্ষ সাধন কেন্দ্রকেইটাই বিশ্বৰ বাবে সমাধান সূত্ৰ প্ৰদানকাৰী হিচাপে কাম কৰিব। ২০২৩-২৪ বৰ্ষৰ বাজেটত ভাৰতত কৃত্রিম বুদ্ধিনত্তা বিকশাই তোলাৰ এই কেন্দ্ৰকেইটাৰ কথা ঘোষণা কৰা হৈছিল ৷
Assamese | October 15, 2024 8:28 PM | Dhrmendra Pradhan
স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰ বিষয়ক তিনিটা কৃত্রিম বুদ্ধিমত্তা উৎকর্ষ সাধন কেন্দ্ৰৰ ঘোষণা ধর্মেন্দ্র প্রধানৰ