কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি স্কুলীয়া শিক্ষাত ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ন সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। শ্রী প্রধানে সামাজিক মাধ্যমযোগে কয়, যে শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ আৰু শিকন প্ৰক্ৰিয়াক অধিক আনন্দদায়ক তথা শিক্ষার্থীকেন্দ্ৰিক কৰি তোলাৰ বাবে শিক্ষা মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ। তেওঁ কয়, যে মন্ত্ৰালয়ে দেশৰ শিশুসকলক বিশ্বমানৰ স্কুলীয়া শিক্ষা প্ৰদান কৰিব ।
Assamese | September 19, 2025 12:34 PM
শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে শিক্ষা মন্ত্ৰ্যালয় প্ৰতিশ্ৰুতিবদ্ধ বুলি ধর্মেন্দ্র প্রধানৰ মন্তব্য