ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা এখন তীব্ৰবেগী ৰে’লে এজন লোকক মহটিয়াই নিয়াৰ ফলত লোকজনৰ থিতাতে মৃত্যু হয়। মৃত লোকজনক জোনাইৰ এক নম্বৰ ৰাজাখানা গাঁৱৰ তিলক চেত্ৰী বুলি চিনাক্ত কৰা হৈছে। ৬০ বছৰীয়া লোকজনে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহাৰ সময়তে ৰঙিয়া অভিমুখী নামনিমুৱা এখন ৰে’লে তেওঁক মহটিয়াই থৈ যায়। এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ৰে’লৱে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়। ৰে’ল আৰক্ষীয়ে চেত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ঘটনা সংক্রান্তত ৰেলৱে আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে।
Assamese | November 8, 2025 1:07 PM | dhemaji rail cut
ধেমাজিৰ জোনাইত তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত এজন লোক