শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষ্যে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে দুৰণিবতীয়া ছাত্র-ছাত্রীসকলক বিদ্যালয়লৈ অহা-যোৱা কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পাব। তেওঁ আঁচনিৰ জৰিয়তে উপকৃত হোৱা সকলো শিক্ষার্থীৰ সফল শৈক্ষিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে ধেমাজি সমষ্টিৰ ৩ হাজাৰ ৩০৮ গৰাকী শিক্ষার্থী এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।
Assamese | December 18, 2025 7:09 PM | Dhamaji
ধেমাজিত আজি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ