টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৱে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আজি চিলাপথাৰ বিশাল প্রতিবাদী সমদলেৰে উত্তাল কৰি তোলে। টাই আহোম জনগোষ্ঠী জনজাতিকৰণ, স্বায়ত্ত শাসন প্রদান আৰু ভূমি পট্টাৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্রতিবাদৰ সময়ত টাই আহোম সহ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান নকৰিলে নতুন ৰাজনৈতিক দল গঠন কৰাৰো হংকাৰ দিয়ে। তাৰোপৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কয়। উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে আটাছুবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত ট্রাইবেল সংঘক হস্তক্ষেপ নকৰিবলৈ সকিয়নি দিয়ে।
Assamese | October 17, 2025 7:41 PM | Dhamaji
জনজাতিকৰণৰ দাবীত ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৰ প্ৰতিবাদ সাব্যস্ত