বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ঢকুৱাখানা মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত নৱ সংযোজন হিচাপে অটন’মাছ কলেজৰ স্বীকৃতি লাভ কৰিছে। ইফালে মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত কালি লখিমপুৰৰ নৰ্থ বেংক কলেজৰ ৬৪ সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডº নিৰোদ বৰুৱা, লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোহাঁই, মহাবিদ্যালয়ৰ অধ্যক্ষ ডº যুগল শইকীয়া, চিকিৎসক তথা কবি ডº প্রণয় ফুকন আদি উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা সদস্যসকল, অধ্যয়নৰত ছাত্ৰসকলৰ লগতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রীও উপস্থিত থাকে।
Assamese | September 7, 2024 12:49 PM | Dhakuwakhana
ঢকুৱাখানা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অটন’মাছ কলেজৰ স্বীকৃতি প্ৰদান