লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ম’হঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত আজিৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত ফাট বিহু। আজি পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে ফাট বিহুৰ শুভাৰম্ভ কৰা হয়। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম’হঘূলি চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্রতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্রতিযোগিতা। কাইলৈ কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্রতিযোগিতা, পূর্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ’ব। বিশিষ্ট কবি-সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° কৰবী ডেকা হাজৰিকাই মুখপত্ৰখন উন্মোচন কৰিব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। মুকলি অধিবেশনত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও সাংসদ-বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ইপিনে, লখিমপুৰ জিলা প্ৰশাসনে কাইলৈৰ দিনটো ঢকুৱাখনা উপজিলাৰ সকলো বিদ্যালয়ৰ পাঠদান বাতিল কৰাৰ কথা ঘোষণা কৰিছে।
Assamese | May 9, 2025 11:43 AM | dhakuakhana fatbihu
ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত আজিৰ পৰা তিনিদিনীয়াকৈ ফাট বিহু