কেন্দ্ৰীয় চৰকাৰে ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ’ব বুলি একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰিক ভিত্তীহীন আখ্যা দিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এটা সূত্ৰই স্পষ্ট কৰি দিছে যে ডিজি যাত্ৰা সন্দৰ্ভত সম্প্ৰচাৰিত এনে প্ৰতিবেদন ভুৱা আৰু ভিত্তিহীন। মন্ত্ৰালয়ে লগতে আয়কৰ বিভাগৰ সৈতে ডিজি যাত্ৰাৰ যাত্ৰীসকলৰ কোনো তথ্য ভাগ-বতৰা কৰা হোৱা নাই বুলিও স্পষ্টীকৰণ দিছে। ডিজি যাত্রা এপটোৱে আত্ম-সার্বভৌম পৰিচয় ধাৰণাক অনুসৰণ কৰে, য’ত যাত্ৰীসকলৰ তথ্য আৰু ভ্ৰমণ সম্পর্কীয় প-পত্রসমূহ কেৱল ব্যৱহাৰকাৰীৰ ডিভাইচতহে উপলব্ধ হয়। যদি কোনো ব্যৱহাৰকাৰীয়ে ডিজি যাত্রা এপটো আনইনষ্টল কৰে তেন্তে ইয়াৰ সকলো তথ্য সম্পূৰ্ণৰূপে ডিলিট হৈ যায় বুলিও মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। ডিজি যাত্ৰা কেৱল ঘৰুৱা যাত্ৰীসকলৰ বাবেহে প্ৰস্তুত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত ডিজিযাত্ৰা এপ প্রযোজ্য নহয়। ডিজি যাত্ৰা হৈছে দেশৰ বিভিন্ন বিমানবন্দৰত সংস্পৰ্শবিহীনভাৱে যাত্ৰীসকলক চিনাক্তকৰণ কৰি প্ৰৱেশৰ অনুমতি প্ৰদান কৰা এটা উত্তম প্রযুক্তি।
Assamese | December 31, 2024 1:03 PM | DG Yatra
ডিজি যাত্ৰাৰ তথ্যৰ সহায়ত কৰ ফাঁকি দিয়া লোকসকলক দমন কৰা হ’ব বুলি প্ৰকাশ পোৱা বাতৰিক ভিত্তিহীন আখ্যা কেন্দ্ৰীয় চৰকাৰৰ