আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ‘ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে ১ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পেলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতৰ নখ চাফা আৰু চুটি কৰি ৰখা, খোৱাৰ আগত আৰু শৌচালয় ব্যৱহাৰৰ পাছত চাবোনেৰে হাত ধোৱা, শৌচালয় ব্যৱহাৰ কৰা, ঘৰৰ চৌদিশ চাফ-চিকুন কৰি ৰখা, ফল- মূল, শাক-পাচলি আদি পৰিষ্কাৰ পানীৰে ধোৱা, বিশুদ্ধ পানীহে সেৱন কৰাকে ধৰি স্বাস্থ্যসন্মত দিশসমূহত গুৰুত্ব দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলোৰে প্ৰতি আহ্বান জনাইছে।
Assamese | February 10, 2025 1:28 PM | Deworming | National
আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস