ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে যে, দিল্লী আৰু উত্তৰ প্ৰদেশৰ পূব-পশ্চিম অংশৰ লগতে ৰাজস্থান, হাৰিয়ানা, মধ্যপ্রদেশ, চত্তিশগড়, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ আৰু উত্তৰাখণ্ডৰ কেতবোৰ অংশত দক্ষিণ-পশ্চিম মৌচুমী আগতীয়াকৈ প্ৰৱেশ কৰিছে। বিভাগে জনোৱা অনুসৰি ইয়াৰ প্ৰভাৱত আজি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, চণ্ডিগড়, দিল্লী, উত্তৰ প্ৰদেশ, পূব ৰাজস্থান, মধ্যপ্রদেশ, ওড়িশা, কংকন, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। চত্তিশগড়, গুজৰাট, কৰ্ণাটকৰ উপকূল অঞ্চল, পশ্চিম বংগৰ হিমালয় অঞ্চল, ছিকিম আৰু অৰুণাচল প্রদেশতো প্রবল বৰষুণ হ’ব বুলি বিভাগে প্ৰকাশ কৰিছে।
Assamese | June 29, 2024 6:43 PM | delhi up rajastan rain mouchumi imd
দিল্লী আৰু উত্তৰ প্ৰদেশৰ পূব-পশ্চিম অংশ, ৰাজস্থান, হাৰিয়ানা, মধ্যপ্রদেশ, চত্তিশগড়কে ধৰি কেতবোৰ অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰৱেশ