প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেই ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সমৃদ্ধি আৰু উন্নয়নৰ হকে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। কাজাখস্তানৰ আষ্টানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি আজি শ্ৰী আৰামানেই এইদৰে প্ৰকাশ কৰে। বৈঠকত তেওঁ ছাংহাই সহযোগিতা সংস্থা অঞ্চলত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবন্ধতাৰ কথা দোহাৰে। প্ৰতিৰক্ষা সচিবগৰাকীয়ে লগতে ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ সম্পৰ্কত সর্বাত্মক চুক্তি সম্পৰ্কীয় ভাৰতৰ দীৰ্ঘদিনীয় প্ৰস্তাৱৰ কথা উল্লেখ কৰে। আজিৰ বৈঠকত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে প্ৰটক’লত স্বাক্ষৰ কৰে।
Assamese | April 26, 2024 8:58 PM | Defence Secretary Giridhar Aramane
ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সমৃদ্ধি আৰু উন্নয়নৰ হকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী গ্ৰহণত গুৰুত্ব আৰোপ প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেৰ