গুৱাহাটী মহানগৰীৰ সমীপৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা দীপৰ বিলত শেহতীয়া গণনা অনুসৰি ১০৫টা প্ৰজাতিৰ ১২ হাজাৰ ২৪৫ টা চৰাই থকাৰ সম্ভেদ পোৱা গৈছে। গুৱাহাটী বন্যপ্রাণী সংমণ্ডলে এছীয় জলজ চৰাই গণনা ২০২৫ৰ অধীনত কালি পুৱা দীপৰ বিলৰ ৰামচাৰ খণ্ডত চলোৱা এই গণনাত এই বিশালসংখ্যক জলজ চৰাইৰ উপস্থিতি ধৰা পৰে। দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য আৰু জলাশয়খনৰ পৰিৱেশ তন্ত্রক নথিভুক্ত কৰিবলৈ চলোৱা এই গণনাত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে কেইবাটাও স্বেচ্ছাসেৱী সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া তথা পক্ষীবিদ ড০ আনোৱাৰ উদ্দিন চৌধুৰীয়েও অংশগ্রহণ কৰে। গুৱাহাটী বন্য প্রাণী সংমণ্ডলৰ বন সাংমণ্ডলিক বিষয়া পি মণিকা কিশোৰে আজি এই পক্ষী গণনাৰ তথ্য সদৰি কৰে আৰু এই কামত সহযোগ কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠন আৰু ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জনায়।
Assamese | January 10, 2025 8:39 PM | deepor billl ghy birds count
গুৱাহাটী বন্যপ্রাণী সংমণ্ডলৰ গণনা অনুসৰি দীপৰ বিলত আছে ১০৫টা প্ৰজাতিৰ ১২,২৪৫টা চৰাই