বজালী জিলাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰামোহন গোস্বামীৰ আজি দুপৰীয়া দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। গোবিন্দপুৰ সত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গোস্বামী কবি, নিবন্ধকাৰ ৰূপেও পৰিচিত আছিল। তেওঁ ৰচনা কৰা কেইখনমান গ্ৰন্থ হৈছে মধুলগ্ন, জীৱন ছন্দ, সুৰ ছন্দ, সেই ৰাত্রি, কালৰাত্ৰি, নয়নমণিৰ সংসাৰ ইত্যাদি। তেওঁৰ মৃত্যুত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বজালীৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিবেশিকা অৰুণিমা গোস্বামীৰ পিতৃ মথুৰা মোহন গোস্বামীৰ মৃত্যুত ভালেসংখ্যক ব্যক্তি আৰু সংগঠনে শোক প্রকাশ কৰিছে।
Assamese | June 21, 2025 8:10 PM | death news
সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰামোহন গোস্বামীৰ দেহাৱসান