লোক সংস্কৃতিৰ সাধক, সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সমিতিৰ প্ৰাক্তন সভাপতি লোকনাথ কুটুমৰ কালি নিশা মাজুলী জিলা চিকিৎসালয়ত মৃত্যু হয়। মাজুলীৰ চুমৈমাৰী গাঁও নিবাসী সমাজকর্মীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ। কুটুমৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী বিমল বৰাকে ধৰি বিভিন্নজনে শোক প্রকাশ কৰিছে।
Assamese | March 18, 2025 12:09 PM | death news
লোক সংস্কৃতিৰ সাধক, সমাজকর্মী লোকনাথ কুটুমৰ দেহাৱসান