গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্রতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্রহ্মপুত্রলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্রহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰকাৰী দলে কালি এজন, শনিবাৰে এজন আৰু সোমবাৰে আন এজন লোকৰ মৃতদহে উদ্ধাৰ কৰিছিল।
Assamese | December 18, 2025 6:45 PM | Death
ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ