গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে খাৰধূলিত উদ্ধাৰ কৰা মৃতদেহটো এই পর্যন্ত চিনাক্ত কৰা হোৱা নাই। বাকী দুজন এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্রতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্রহ্মপুত্রলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্রহ্মপুত্রত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰকাৰী দলে শনিবাৰে এজন আৰু সোমবাৰে আন এজন লোকৰ মৃতদহে উদ্ধাৰ কৰিছিল।
Assamese | December 17, 2025 12:59 PM | Death
যোৱা ১০ ডিচেম্বৰত ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ