ডাব‘ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট- আই এছ এই, কৃষককে ধৰি লাখ লাখ পৰিয়াললৈ ভাৰতে সুলভ মূল্যত সৌৰ শক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি আই এছ এ-ৰ সঞ্চালক প্রধান আশীষ খান্নাই ভাৰতৰ সূৰ্যঘৰ, ৰুফটপ সৌৰ আঁচনিৰ জৰিয়তে এক কোটি পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি প্রকাশ কৰে। তেওঁ লগতে প্রধানমন্ত্রী কুসুম কাৰ্যসূচীৰ জৰিয়তে কৃষকসকললৈ সৌৰ শক্তিচালিত পানীযোগানৰ লগতে অন্যান্য সা-সঁজুলিৰ যোগান ধৰা বুলিও জানিবলৈ দিয়ে। বিশ্বৰ আন আন দেশকো বিদ্যুতৰ ব্যৱহাৰৰ পৰিৱৰ্তে সৌৰ শক্তিৰ ব্যৱহাৰেৰে কৃষি খণ্ডক সুলভ মূল্যত শক্তিশালী কৰি তোলাৰ এই আৰ্হি গ্ৰহণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। শ্রীখান্নাই কয়, যে আই এছ এই, কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল প্রযুক্তিৰ জৰিয়তে ব্যয় হ্রাস, নতুন কর্ম সংস্থাপন সৃষ্টি আৰু দক্ষতা বৃদ্ধি কৰি শক্তি খণ্ডৰ ভৱিষ্যতৰ দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যোৱা ১৯ৰ পৰা ২৩ জানুৱাৰীলৈ ডাব‘ছত ৫৬ সংখ্যক বার্ষিক বিশ্ব অর্থনৈতিক মঞ্চৰ বৈঠক অনুষ্ঠিত হৈছে। ১৩০ খন দেশৰ প্ৰায় ৩ হাজাৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্রহণ কৰিছে।
Assamese | January 21, 2026 11:58 AM | WEF-India in davos
ডাব’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চত ভাৰতৰ সুলভ মূল্যত সৌৰ শক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত