ৰাজ্যত ডেংগু ৰোগৰ প্রাদুর্ভাব বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে বিশেষ সতর্কতা অৱলম্বন কৰিছে। স্বাস্থ্য বিভাগৰ সূত্র অনুসৰি ৰাজ্যখনত কমেও ৫৭০ জন লোক এই ৰোগত আক্রান্ত হৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সর্বাধিক ৭৪ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। শিৱসাগৰত ৬৩ জন আৰু শোণিতপুৰ জিলাত ৪১ জন ৰোগ এই ৰোগত আক্রান্ত হৈছে। অৱশ্যে এই ৰোগৰ ফলত এতিয়ালৈ কোনো লোকৰ প্রাণহানি হোৱা নাই বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সূত্ৰই প্ৰকাশ কৰিছে। চলিত বছৰৰ আগষ্টত সৰ্বাধিক ১১৮ জন লোক এই ৰোগত আক্ৰান্ত হৈছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।
Assamese | November 20, 2025 12:27 PM | dangu
ৰাজ্যত ডেংগু ৰোগৰ প্রাদুর্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ সতর্কতা