বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান অংশত বৰষুণ হ‘ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, পূৱ বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় ওড়িশাৰ পাৰাদ্বীপৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দক্ষিণ পূৱত আৰু পশ্চিমবঙ্গৰ সাগৰ দ্বীপৰ পৰা ৭৫০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱত কেন্দ্ৰীভূত হৈ আছে। এই নিম্নচাপ বলয় পশ্চিম-উত্তৰ পশ্চিম দিশত অগ্ৰসৰ হোৱাত আৰু কাইলৈকে পূৱ-মধ্য বঙ্গোপসাগৰত ঘূর্ণিবতাহলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ডানা নামৰ এই ঘুর্ণিবতাহজাকে প্রতিঘণ্টাত ১০০ পৰা ১১০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ উপকূল ভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভূভাগত খুন্দা মৰাৰ সময়ত বতাহজাকৰ গতিবেগ প্রতিঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। 000
Assamese | October 22, 2024 9:19 PM | dana
বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ