মহাদেশীয় ফুটবল প্রতিযোগিতা কোপা আমেৰিকাত কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা চাৰে পাঁচ বজাত মিয়ামিত হ’বলগীয়া ফাইনেল খেলত আর্জেণ্টিনা, কলম্বিয়া বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ছেমিফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্বিয়াই দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকা ফুটবল প্রতিযোগিতাত চূড়ান্ত বিজয়ী হোৱাৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ’ব। কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত আৰ্জেণ্টিনা আৰু উৰুগুৱে হৈছে আটাইতকৈ সফল দল। দুয়োটা দলে ১৫ বাৰকৈ এই প্ৰতিযোগিতাত বিজয়ী হৈছে।
Assamese | July 13, 2024 7:09 PM | COPA America
কোপা আমেৰিকা ফুটবলত কাইলৈ পুৱা ৫.৩০ বজাত আৰ্জেণ্টিনা-কলম্ৱিয়াৰ মাজত ফাইনেল খেল