কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মহাৰাষ্ট্ৰৰ ইগাটপুৰিত এটা ৰেলীত অংশগ্ৰহণ কৰে। তেওঁ প্ৰাক্তন প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ পৃষ্ঠপোষকতাৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্রকল্প সন্দৰ্ভত আলোকপাত কৰে আৰু পণ্ডিত নেহৰুৰ ভাৰতৰ বিকাশৰ ভেটি বুলি উল্লেখ কৰে। তেওঁ কয়, যে প্রাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে ৰাষ্ট্ৰৰ হকে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছে। শ্ৰী খার্গেই মহাৰাষ্ট্ৰৰ জনসাধাৰণক ভুৱা প্রতিশ্রুতি দিয়া বুলি প্রধানমন্ত্ৰী মোদী আৰু বিজেপিক দোষাৰোপ কৰে। এন চি পিৰ শাৰদ পাৱাৰে পুনেত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে।
Assamese | November 14, 2024 8:49 PM | congress mallikarjun maharastra
কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেৰ মহাৰাষ্ট্ৰৰ ইগাটপুৰিত নিৰ্বাচনী ৰেলী