ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক কালি সন্ধিয়া বিধি বলৱৎকাৰী সঞ্চালকালয়ে জলজীৱন মিছন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। জয়পুৰত থকা সঞ্চালকালয়ৰ কাৰ্যালয়ত এই সন্দৰ্ভত শ্রী যোশীক সোধা-পোছা কৰা হয়। ইয়াৰ পূৰ্বে সঞ্চালকালয়ে কেইবাখনো চমন জাৰি কৰিছিল যদিও ব্যক্তিগত কাৰণৰ দোহাই দি শ্ৰী যোশীয়ে সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হোৱা নাছিল ।
Assamese | April 25, 2025 12:16 PM | Congress leader Mahesh Joshi arrested in connection with Jal Jeevan Scam
ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক গ্ৰেপ্তাৰ