গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী তৃতীয় বার্ষিক সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰীৰ বাবে তর্ক প্রতিযোগিতা অনুষ্ঠিত হ’ব। ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ ফলত অসমীয়া ভাষা ভৱিষ্যতলৈ সুৰক্ষিত হৈছে এই বিষয়ত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ সকলো ছাত্ৰীৰ বাবে মুকলি তর্ক প্রতিযোগিতাখনত বিজয়ীসকলক আর্থিক পুৰস্কাৰ প্ৰদান কৰা হ’ব। শ্রেষ্ঠ বিজয়ী দলক ৮ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব। শ্রেষ্ঠ তার্কিকগৰাকীলৈ ৪ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব।
Assamese | March 20, 2025 6:24 PM | debate compition
অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক তর্ক প্রতিযোগিতা