চৰকাৰে বাণিজ্যিক ন্যায়ালয় সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে ২০১৫ চনৰ বাণিজ্যিক ন্যায়ালয় আইনৰ সংশোধন ঘটোৱাৰ কথা বিবেচনা কৰিছে। এই আইনখন বাণিজ্যিক গোচৰসমূহৰ দ্ৰুত আৰু উচিত মূল্যত সমাধান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছিল। খচৰা বিধেয়কখনৰ সন্দৰ্ভত ndiac-dla@gov.in ইমেইলযোগে ২২ নৱেম্বৰৰ ভিতৰত দিহা-পৰামৰ্শ আগবঢ়াব পৰা যাব।
Assamese | November 8, 2024 8:38 PM | COMMERCIAL COURTS BILL
বাণিজ্যিক ন্যায়ালয় সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত চৰকাৰে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে