গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন সন্দৰ্ভত গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতে কালি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা সজাতি দলে লিডু অঞ্চলৰ মূলাং পাহাৰৰ অবৈধ কয়লাক্ষেত্ৰ পৰিদৰ্শন কৰে। বিভাগীয় বিষয়াৰ নেতৃত্বত সংশ্লিষ্ট পক্ষই এই পৰিদৰ্শন কালত ক’ল ইণ্ডিয়াৰ মহা প্ৰবন্ধক আৰু বন সংমণ্ডল প্ৰাধীকাৰীক চোৰাং কয়লাখনন সন্দৰ্ভত জবাবদিহি কৰে। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনন আৰু প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বিৰুদ্ধে মিন্টু মোদী নামৰ এগৰাকী অধিবক্তাই কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগক অভিযোগ দিছিল। যোৱা ২৮ ডিচেম্বৰত এই অভিযোগৰ ভিত্তিত বিভাগৰ উপ-সঞ্চালক প্রধান ড০ ৰাজেশ পি ৰষ্টোগী আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোর্ডৰ সহস্য সচিবক নিৰ্দেশৰ ১৫ দিনৰ ভিতৰত চৰজমীন তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছিল।
Assamese | February 8, 2025 1:22 PM | coal field
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা সজাতি দলৰ লিডু অঞ্চলৰ মূলাং পাহাৰৰ অবৈধ কয়লাক্ষেত্ৰ পৰিদৰ্শন