জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত তেওঁ এই কথা উল্লেখ কৰে।
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ নতুন দিল্লীতে সীমিত থাকিব।