মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন কৰে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইৰ উদ্যোগত গঢ়ি উঠা বক্সিং একাডেমীখন মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। একাডেমীখনত খেলুৱৈৰ হোষ্টেলৰ সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই অনুদান আগবঢ়োৱা হ’ব। একাডেমীখনৰ মান উন্নত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে ভূমি আবণ্টনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্রীড়া বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মণিপুৰৰ দৰে অসমতো ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ৰাজ্যৰ চুকে-কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকৰ বাবে ৰাজ্যত শীঘ্ৰেই দুহেজাৰ খেলুৱৈৰ এটা হোষ্টেল নিৰ্মাণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | June 5, 2025 9:41 PM | cm lovelina boxing academy
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ