মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ বালিজানা চক্ৰ ভাণ্ডাৰা গাঁৱত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ড° শৰ্মাই যাতায়াতৰ ব্যৱস্থা, অন্যান্য সা-সুবিধাকে ধৰি বিভিন্ন দিশৰ বুজ লৈ সকলো কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে দ্বিতীয় এডভাণ্টেজ আছামত কৰা প্ৰতিশ্ৰুতি অনুসৰি বিলাসীপাৰাত তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টিত ভূমিও পৰিদৰ্শন কৰে। এই প্ৰকল্পই ১০ হাজাৰৰো অধিক নিয়োগ সৃষ্টি তথা ৰাজ্যখনৰ শক্তি নিৰাপত্তাৰ দিশত উৎসাহ যোগাব বুলি তেওঁ আশা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণৰ অংশ হিচাপে জিলাখনৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত শক্তি উদ্যান স্থাপনৰ বাবে ভূমি পৰিদৰ্শন কৰে। ৰাজ্যত বৰ্ধিত হাতী মানুহৰ সংঘাত সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই গোৱালপাৰা জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইত সৌৰ বেৰাৰ ব্যৱস্থা কৰাৰ উপৰি হাতীৰ খাদ্যৰ বাবে উপযোগী গছপুলি ৰোপণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
Assamese | May 15, 2025 9:03 PM | cm himanta biswa sarma goalpara visit
গোৱালপাৰাৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ