মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভাণ্টেজ আছাম ২০২৫ ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্রীয় বিত্তমন্ত্রী শ্রীমতী সীতাৰমণক আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে এডভাণ্টেজ আছামলৈ আনুষ্ঠানিক আমন্ত্রণ জনায়। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত গ্ৰহণ কৰা আঁচনিৰো পৰ্যালোচনা কৰে।
Assamese | December 6, 2024 9:13 PM | cm himanta biswa sarbananda sitaraman
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু সৰ্বানন্দ সোণোৱালক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ