লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটীৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত ২,১০০ কোটি টকা অনুমোদন

ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটীৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত ২,১০০ কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

বৈঠকৰ অন্তত সংবাদ মেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ চাৰি হাজাৰ কোটি টকা ব্যয় হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই ১১৮ কোটি ৫৮ লাখ টকাত অনুমোদন দিছে।

ছেপ্তেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক ডেৰ লাখ টকা প্ৰদান কৰা হ’ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ’ব বুলি তেওঁ উল্লেখ কৰে।