মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাত দুখনকৈ কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ সদৰ কাজলগাঁও আৰু নিচিমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে এইবাৰ বিটিচিৰ ২৬টা জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। বিটিচিত দুখীয়া লোকৰ অধিকাৰসমূহ ৰূপায়ণ কৰাৰ বাবেও বিজেপিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰে। আজিৰ সভাত মন্ত্ৰী কৌশিক ৰায়, বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাস, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়সহ বহুকেইজন নেতা-কর্মী উপস্থিত থাকে।
Assamese | August 11, 2025 8:37 PM | cm btc
চিৰাঙৰ কাজলগাঁও আৰু নিচিমাত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা