মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ ৩৮ হাজাৰ হিতাধিকাৰিলৈ ১০ হাজাৰ টকাকৈ চেকযোগে বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় ৩৫ হাজাৰ গৰাকী আৰু বিহালী সমষ্টিৰ ৩ হাজাৰ গৰাকী গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে এই আঁচনিৰ জৰিয়তে ৩ হাজাৰ ৩৮ কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আত্মসহায়ক গোটৰ ৮ মহিলা লাখপতি হ’বলৈ সমৰ্থ হৈছে। বেংকসমূহৰ পৰা ঋণ লাভ কৰা ৯৯ শতাংশ আত্মসহায়ক গোটৰ মহিলাই বেংকৰ ঋণ ঘূৰাই দিছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিশ্বনাথৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ কাৰ্যালয় মুকলি কৰে। ২০২২ চনত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল ৷
Assamese | October 4, 2025 6:23 PM | cm biswanath
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথৰ ৩৮ হাজাৰ হিতাধিকাৰিক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ