♦ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বুলি উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ’ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পর্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলিও উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।
Assamese | May 6, 2024 1:34 PM | Assam | Manas National Park | Tourism | Tourist
২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ