নৌসেনা বাহিনীৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে, দেশৰ সামুদ্রিক সীমান্তক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ভাৰতীয় নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অৱস্থিত নৌসেনা বাহিনীৰ মুখ্য কাৰ্যালয়ত নতুনকৈ নিযুক্তি লাভ কৰা বিষয়াসকলক সম্বোধন কৰি এডমিৰেল ত্রিপাঠীয়ে কালি এই কথা প্ৰকাশ কৰে। বাহিনীটোৰ মুৰব্বীগৰাকীয়ে আত্মনিৰ্ভৰতাৰ দিশত ভাৰতীয় নৌসেনা বাহিনীৰ দায়বদ্ধতাকো প্ৰসংগক্ৰমে দোহাৰে। এডমিৰেল ত্রিপাঠীয়ে সামুদ্রিক ক্ষেত্ৰত বাহিনীটো সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰাৰ লগতে ঘৰুৱাভাৱে বিভিন্ন সমস্যাৰ সমাধানৰ পথ উলিওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ বাহিনীটোৰ বিষয়া আৰু জোৱানসকলৰ নিষ্ঠাপূর্ণ সেৱা তথা সামৰ্থ্যকো ভূয়সী প্ৰশংসা কৰে।
Assamese | May 22, 2024 6:51 PM | Chief of Naval Staff (#CNS) Admiral Dinesh K Tripathi
দেশৰ সামুদ্রিক সীমান্তক সুৰক্ষিত ৰখাৰ স্বাৰ্থত নৌসেনা বাহিনী সততে প্ৰস্তুত হৈ থকাৰ বিষয়টোত গুৰুত্ব মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ