July 25, 2024 6:55 PM | Chess compitition

printer

গুৱাহাটী চিটী ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ডবা প্রতিযোগিতাৰ সামৰণি

গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত থকা শিক্ষাভৱনত গুৱাহাটী চিটী ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ৭ বছৰ অনূর্ধ, ১১ বছৰ আৰু ১৫ অনূর্ধ শাখাৰ বাবে ডবা প্রতিযোগিতাৰ আজি সামৰণি পৰে। ৭ বছৰ তলৰ ল’ৰাৰ শাখাত আদ্বিক বণিকে চেম্পিয়নৰ খিতাপ লাভ কৰে। আনহাতে জিছান কাশ্যপে টাইব্রেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান আৰু ৰেবংশ শৰ্মাই তৃতীয় স্থান লাভ কৰে। ছোৱালী শাখাত আদ্বিকা গিৰি চেম্পিয়ন হৈছে। এই শাখাত দৰথী পাটগিৰিয়ে দ্বিতীয় আৰু নিষ্ঠা অংকিতাই তৃতীয় স্থান লাভ কৰে। ১১ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত হৰ্ষদ্বীপ ডেকা আৰু ছোৱালীৰ শাখাত ঋতিশা মাইৰা ৰাজবংশীয়ে প্ৰথম স্থান লাভ কৰিছে। ১৫ বছৰ অনুৰ্ধৰ মুকলি শাখাত হৃদিকা দাসে চেম্পিয়ন হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।