চৰাইদেউ জিলা আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত ১০জন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বে আটকাধীন আলফাৰ লিংকমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। সমাগত স্বাধীনতা দিৱসত সম্ভাৱ্য কূটাঘাত ৰোধৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। গ্ৰেপ্তাৰ হোৱা লিংকমেনসকল হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ হেল্কাটুপৰ শংকু দাস, চিৰাজউদ্দিন আলী, ইমৰাণ আলী, সুৰজিত দে, কামৰূপ জিলাৰ জালুকবাৰীৰ অসীম অধিকাৰী, দৰং জিলাৰ ছিপাঝাৰৰ ধৰ্মেন্দ্ৰ ডেকা, ওদালগুৰিৰ ধ্ৰুৱজ্যোতি বৈশ্য আৰু বলেন ডেকা আৰু নাগালেণ্ডৰ আহম কন্যাক আৰু য়েটৱাং কন্যাক। আটক কৰা লিংকমেনসকলৰ পৰা তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে। নিষিদ্ধ ঘোষিত সংগঠনটোৰ কাৰ্যকলাপ নিষ্ক্ৰক্ৰীয় কৰি ৰাজ্যখনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ভৱিষ্যতেও এই অভিযান চলি থাকিব বুলি চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক গজানন্দ শর্মাই প্রকাশ কৰিছে।
Assamese | July 14, 2025 7:48 PM | Choriedew
চৰাইদেউত আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা অভিযানত ১০জন লিংকমেন গ্ৰেপ্তাৰ