ছত্তিশগড়ৰ বিলাসপুৰৰ সমীপৰ লালখাদানত আজি সন্ধিয়া সংঘটিত এটা ৰে‘ল দুর্ঘটনাত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত হৈছে। ৰে’ল বিভাগৰ সূত্রই জানিবলৈ দিয়া অনুসৰি, এখন যাত্রীবাহী ৰে’লৰ সৈতে এখন মালবাহী ৰে‘লৰ খুন্দা লগাৰ ফলত এই দুর্ঘটনাটো সংঘটিত হয়। ৰে‘ল বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে জিলা প্রশাসন আৰু আৰক্ষী ততালিকে দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে চাৰিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
Assamese | November 4, 2025 8:02 PM
ছত্তিশগড়ৰ সংঘটিত এটা ৰে’ল দুর্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত