চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি ৩০ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদী কেইজনৰ বিনিময়ত ইতিমধ্যে ৮১ লাখ টকাৰ ঘোষণা কৰা হৈছিল। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন বিভিন্ন ঘটনাৰ সৈতে জড়িত বুলি পূর্বে জনোৱা হৈছিল। ৰাজ্য চৰকাৰৰ পুনৰ্বাসন আঁচনিৰ অধীনত কালি আত্মসমৰ্পণ কৰা প্ৰতিজন মাওবাদীকে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ৷
Assamese | August 28, 2025 12:11 PM | Chattisgarh
চত্তিশগড়ত ৩০ জন মাওবাদীৰ আত্মসমৰ্পণ