তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এন চন্দ্ৰবাবু নাইডুৱে অহা বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। বিজয়ৱাড়াৰ সমীপত আয়োজিত শপতগ্রহণ অনুষ্ঠানত এন ডি এৰ ভালে কেইগৰাকী জ্যেষ্ঠ নেতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল তেলেগু দেশম পার্টি, জনসেনা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ১৭৫ খন আসনৰ ভিতৰত ১৬৪ খনতে জয় লাভ কৰিছে।
Assamese | June 8, 2024 1:30 PM | chandrababunaidu | India | Lok Sabha Elections 2024 | Parliament of India | Political | TDP
বুধবাৰে এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব